ব্যৱহাৰকাৰী (বিশেষণ)
বস্তু, সেৱা আদিৰ উপভোগ কৰোঁতা বা সেইবোৰক কামত লগোৱা
ভাবুকি (বিশেষ্য)
মনত ভয় লৈ বাহিৰৰপৰা দেখুওৱা কৃত্রিম খং বা এনেধৰণে দিয়া ধমকি
ভীতিজনক (বিশেষণ)
যিটো ভয়েৰে ভৰি আছে
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
শিল বৰষুণ (বিশেষ্য)
আকাশৰ পৰা সৰি পৰা বৰফৰ টুকুৰা
আশাতীত (বিশেষণ)
যি প্রত্যাশাৰ পৰা দূৰত
ভেকুলী (বিশেষ্য)
বাৰিষাকালত পুখুৰী, কুঁ্ৱা আদিত দেখা পোৱা আৰু বৰষুণত ওলোৱা এবিধ সৰু উভচৰ প্রাণী
বেতসলতা (বিশেষ্য)
এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়
থলুৱা (বিশেষণ)
যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
চুমা-চুমি (বিশেষ্য)
প্রেমিক-প্রেমিকাই ভাৱাবেশত পৰস্পৰক চুমা খোৱা তথা আলিংগন কৰা কার্য