থলুৱা (বিশেষণ)
যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
কথাছবি (বিশেষ্য)
চলমান ছবিৰ দ্বাৰা কোনো এক ঘটনাৰ আলমত তৈয়াৰ কৰা মনোৰঞ্জনৰ এক সবাক মাধ্যম
চাকনৈয়া (বিশেষ্য)
পানীৰ ঢৌ এটা কেন্দ্রত পাক খাই ঘূৰি থকা প্রবাহ
চালচলন (বিশেষ্য)
কাৰোবাৰ ধৰণ-কৰণ বা তেওঁৰ ্ দ্বাৰা কৰা কামৰ আলেখ-লেখ
নৱৰত্ন (বিশেষ্য)
মুকুতা, মাণিক, ্বৈদুর্য, ্গোমেদ, হীৰা, প্রৱাল, পদ্মৰাগ, মৰকত আৰু নীলকান্ত- এই নবিধ ৰত্ন
ভেকুলী (বিশেষ্য)
বাৰিষাকালত পুখুৰী, কুঁ্ৱা আদিত দেখা পোৱা আৰু বৰষুণত ওলোৱা এবিধ সৰু উভচৰ প্রাণী
দেৱানী গোচৰ (বিশেষ্য)
ধন বা অর্থৰ সৈতে সম্বন্ধিত মোকর্দম্া
উপ-শিৰোনাম (বিশেষ্য)
মূল শিৰোনামৰ ব্যাখ্যার্থে দিয়া ওপৰঞ্চি শিৰোনাম
পুতলা (বিশেষ্য)
সৰু লʼৰা-ছোৱালীয় খেলিবৰ কাৰণে কাপোৰ প্লাষ্টিক আদিৰে মানুহৰ আকৃতিৰ নিচিনাকৈ সজা খেলা সামগ্রী
ছালৰ মলি (বিশেষ্য)
ছালৰ ওপৰত জমা হোৱা ধূলি-বালি বা ঘম আদিৰ তৰপ